Skip to main content
দৃষ্টি

দৃষ্টিশক্তি সংশোধন বা উন্নত কৰিবলৈ দৃষ্টি সহায়ক সামগ্ৰী

পাঠ: ৪ ৰ ভিতৰত ২
বিষয়: ৩ ৰ ভিতৰত ১
0% সম্পূৰ্ণ কৰা

দৃষ্টিশক্তি সংশোধন বা উন্নত কৰা সহায়ক সামগ্ৰীসমূহৰ ভিতৰত আছে:

নিকট দৃষ্টিৰ চশমা

নিয়াৰ ভিজন চশমা, যিয়ে ব্যৱহাৰকাৰীৰ বাবে লিখনী বা ওচৰৰ বস্তুবোৰ ডাঙৰ যেন লাগে।

A pair of clear lenses mounted in a simple frame with flexible arms to hook over the ears.

মালিকক মনত আছেনে?

মালিকৰ প্ৰেছবাইপিয়া আছে আৰু তেওঁ দৰ্জী। সৰুতে তেওঁৰ দৃষ্টিশক্তিৰ কোনো সমস্যা নাছিল।

কেইবছৰমান আগতে তেওঁ লক্ষ্য কৰিছিল যে চিলাই কৰোতে তেওঁক দেখাত অসুবিধা হয়। নিয়াৰ ভিজন চশমাই তেওঁৰ বাবে সমস্যাটো সমাধান কৰা দেখি তেওঁ সকাহ পালে।

প্ৰেছক্ৰিপচনৰ চশমা

প্ৰেছক্ৰিপচন চশমা, যিবোৰ মাইঅ’পিয়া, হাইপাৰ’পিয়া আৰু/বা এষ্টিগমেটিজম সংশোধন বা উন্নত কৰিবলৈ পৃথকে পৃথকে প্ৰেছক্ৰিপচন কৰা হয়।

A pair of clear lenses mounted in a simple frame with flexible arms folded.

সতৰ্কবাণী

প্ৰেছক্ৰিপচন চশমা প্ৰদান কৰাটো টেপ ত অন্তৰ্ভুক্ত কৰা হোৱা নাই। প্ৰেছক্ৰিপচন চশমা অধিক প্ৰশিক্ষণ থকা লোকে দিব লাগে।

মেগনিফাইং গ্লাছ

মেগনিফাইং গ্লাছ, যিয়ে ওচৰত থকা বস্তুবোৰ ডাঙৰকৈ দেখুৱাই আৰু সেয়েহে সহজে দেখা যায়।

A single, clear lens in a circle-shaped frame with a long, straight handle.

টেলিস্কোপ

দূৰবীণ, যিয়ে দূৰৈৰ বস্তুবোৰ ডাঙৰ আৰু ওচৰত দেখা দিয়ে, আৰু সেয়েহে সহজে দেখা পায়।

A small tube-shaped device made of metal and plastic with a wrist strap.

Ying using a handheld magnifier to read a label

ইংক মনত আছেনে?

ইঙৰ দৃষ্টিশক্তি কম। দৃষ্টিশক্তি উন্নত কৰিবলৈ তাই বিভিন্ন সহায়ক সামগ্ৰী ব্যৱহাৰ কৰে।

  • তাই প্ৰেছক্ৰিপচনৰ চশমা পিন্ধে যিয়ে তাই কিমান দেখা পায় তাৰ উন্নতি কৰে।
  • ওচৰৰ বস্তু চাবলৈ আৰু পঢ়িবলৈ তাই হেণ্ডহেল্ড মেগনিফায়াৰ ব্যৱহাৰ কৰে।
  • তাই হাতেৰে ধৰা টেলিস্কোপ ব্যৱহাৰ কৰি আৰু দূৰৈৰ বস্তু যেনে ৰাস্তাৰ চিন আদিও চায়।